July 1, 2025 8:14 PM

views 15

বৰাক উপত্যকাৰ বিভিন্ন প্রকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণত গুৰুত্ব আৰোপ

বৰাক উপত্যকা উন্নয়ন বিভাগৰ উদ্যোগত অঞ্চলটোৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন প্রকল্প ক্ষীপ্ৰতাৰে ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। আজি শিলচৰৰ চাৰ্কিত হাউচত বিভাগৰ অস্থায়ী কার্যালয় উদ্বোধন কৰি মন্ত্ৰী কৌশিক ৰায়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে এই কার্যালয় স্থায়ীভাৱে অহা জানুৱাৰী মাহত শ্ৰীকোণাত নিৰ্মিয়মান বৰাক উপত্যকা সচিবালয়লৈ স্থানান্তৰিত কৰা হ'ব।