November 21, 2024 12:29 PM

views 18

আজি বিশ্ব মীন দিৱস

আজি বিশ্ব মীন দিৱস ৷ এইবাৰৰ মীন দিৱসৰ বিষয়বস্তু হ'ল ভাৰতৰ নীল ৰূপান্তৰণ : ক্ষুদ্ৰ তথা বহনক্ষম মীন ক্ষেত্ৰৰ সবলীকৰণ। মীন দিৱস উপলক্ষে আজি দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন কক্ষ তথা প্ৰশিক্ষণ কেন্দ্ৰত মীন মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশ্ব মীন দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাত আধুনিক প্ৰযুক্তিৰ প্রয়োগে মৎস্যপালন খণ্ডত বিপুল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে বুলি উল্লেখ কৰি কয়, যে বায়'ফ্লক, জল সঞ্চালনৰ জৰিয়তে মৎস্যপালন, পোনা উৎপাদন তথা আলংকাৰ...