September 29, 2025 6:09 PM
37
দেশত দুগ্ধ উৎপাদন বিগত ১০ বছৰত ৬৩ শতাংশ বৃদ্ধি পাইছে
দেশত দুগ্ধ উৎপাদন বিগত ১০ বছৰত ৬৩ শতাংশ বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত শীর্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। ১০ বছৰ পূৰ্বে দুগ্ধ উৎপাদন ১৪৬ নিযুত টনৰ পৰা সম্প্রতি ২৩৯ নিযুত টনলৈ বৃদ্ধি হৈছে। ভাৰতে বিশ্বৰ মুঠ দুগ্ধ উৎপাদনৰ এক চতুর্থাংশ উৎপাদন কৰি অৰিহণা যোগাই আছে। কেন্দ্রীয় মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে দুগ্ধ খণ্ডই দেশব অর্থনীতিলৈ পাঁচ শতাংশ বৰঙণি যোগোৱাৰ লগতে ৮ কোটিতকৈও অধিক কৃষকক প্ৰত্যক্ষভাৱে সংস্থাপন দিছে। যোৱা দশকটোত প্ৰতিগৰা...