September 15, 2024 8:11 PM

views 18

মিলাদ-উন-নবীৰ উপলক্ষে মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মিলাদ-উন-নবীৰ প্ৰাকসন্ধ্যা দেশৰ জনসাধাৰণৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হয়। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পয়গম্বৰ মহম্মদৰ জীৱন দৰ্শনে প্ৰেম আৰু ভাতৃত্বৰ বোধ শক্তিশালী কৰাৰ বাবে সকলোকে উৎসাহিত কৰাৰ লগতে সমাজত সমতা আৰু সম্প্ৰীতি ৰক্ষাত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ সকলোকে মানৱতাৰ প্ৰতি সেৱা আগবঢ়াই যাবলৈ অনুপ্ৰাণিত কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে পৱিত্ৰ কোৰাণ...