September 5, 2025 6:49 PM September 5, 2025 6:49 PM
10
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মিলাদ-উন-নবী উদযাপন
ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আজি জন্মদিন। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটো পৱিত্ৰ মিলাদ-উন-নবী হিচাপে উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাদ-উন-নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে দেশবাসীক বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। পয়গম্বৰ মহম্মদে একতা আৰু মানৱতাৰ সেৱাৰ বাণী বিলাইছিল বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়...