November 29, 2024 10:23 AM

views 21

মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠন সন্দৰ্ভত আলোচনা

মহাৰাষ্ট্ৰৰ তত্বাবধায়ক মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰববী একনাথ সিন্দে, বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাড়নবিছ আৰু এন চি পিৰ মুৰববী অজিত পাৱাৰে ৰাজ্যখনত নতুন চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰিবলৈ কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰী জগৎ প্রকাশ নাড্ডাও উপস্থিত আছিল। শ্রীসিন্দেই ইতিমধ্যে প্রকাশ কৰিছে যে, ৰাজ্যখনত চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁ বাধা হিচাপে থিয় নিদিয়ে আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত যি সিদ্ধান্ত ল'ব, তাকেই ...