January 16, 2025 5:46 PM
12
অষ্ট্ৰেলিয়ান অ’পেন টেনিছৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগুৱল এঞ্জেল ৰেয়েছ ভাৰেলা
অষ্ট্ৰেলিয়ান অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু তেওঁৰ মেক্সিকোৰ সহযোগী মিগুৱল এঞ্জেল ৰেয়েছ ভাৰেলা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন খেলত বালাজী আৰু ভাৰেলাৰ যুটিয়ে কাজাখস্তানৰ আলেখছাণ্ডাৰ নেডোভিয়েছভ আৰু নেডাৰলেণ্ডছৰ ৰবিন হাছেৰ যুটিক ৬-৪ আৰু ৬-৩ পোনপটীয়া ছেটত পৰাজিত কৰে। এইবাৰৰ অষ্ট্ৰেলিয়ান অ'পেন টেনিছ প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ হিচাপে বালাজীহে প্রতিযোগিতাত বৰ্তি আছে। ইয়াৰ আগতে আজি ভাৰতৰ অনিৰুদ্ধ চন্দ্ৰশেখৰ আৰু পোলেণ্ডৰ কেৰল ...