December 25, 2025 10:36 AM December 25, 2025 10:36 AM
6
আজি পবিত্ৰ বৰদিন, ৰাজ্যপাল, মুখ্যমন্ত্রীকে ধৰি বিভিন্নজনৰ বৰদিন উপলক্ষে খ্রীষ্টধর্মী লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন
আজি পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্রীষ্টধর্মী লোকসকলে কালি মাজনিশাৰে পৰা পৱিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গীর্জাসমূহ বৰদিন উপলক্ষে আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। যোৱানিশাৰে পৰা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক', খ্ৰীষ্টানবস্তি, সোণাইধূলিকে ধৰি বিভিন্ন স্থানৰ গীর্জাসমূহ কেৰলৰ ধবনিৰে মুখৰ হৈ উঠে। প্রভু যীশুৰ প্ৰাৰ্থনাৰ বাবে কালি সন্ধিয়াৰে পৰা গীর্জাসমূহত অগনন লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। আলোকসজ্জা, খ্রীষ্টমাছ ট্রী,...