December 25, 2025 7:39 PM
25
বিশ্বৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ গীর্জাসমূহত বৰদিন পালন
আজি পৱিত্ৰ বৰদিন। এই উপলক্ষে বিশ্বৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ গীর্জাসমূহত অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। আজি পুৱাৰ ভাগত বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা, আলোচনা সভা আদি অনুষ্ঠিত হয়। আলোকসজ্জা, খ্রীষ্টমাছ ট্রী, ৰং-বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধর্মী লোকসকলৰ বাসগৃহসমূহ সজাই তোলা হয়। খ্রীষ্টধর্মী লোকসকলে কালি মাজনিশাৰে পৰা পৱিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক’, খ্রীষ্টানবস্তি, সোণাইঘূলিকে ধৰি বিভিন্ন স্থানৰ গীর্জাসম...