September 2, 2025 11:29 AM September 2, 2025 11:29 AM
1
মেৰাপানীত নগা ভিলেজ কাউন্সিল আৰু অসমৰ গাঁওপ্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক
অসম-নাগালেণ্ডৰ মেৰাপানী সীমাত নাগালেণ্ড প্রশাসনে অসমীয়া লোকৰ প্ৰৱেশক লৈ জাৰি কৰা জাননী সন্দৰ্ভত শেহতীয়ালৈ নগা ভিলেজ কাউন্সিল আৰু অসমৰ গাঁওপ্ৰধানৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসমৰ সীমাৱৰ্তী অঞ্চলৰ ১৭খন গাঁৱৰ গাঁওপ্রধান, দৈয়াং গাঁওবুঢ়া সন্থাৰ সভাপতি সম্পাদক আৰু নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ ১১ গৰাকী ভিলেজ কাউন্সিলে অংশগ্ৰহণ কৰে। মেৰাপানীৰ বালিগুৰিত অনুষ্ঠিত এই সভাত নগা ভিলেজ কাউন্সিলে অসমীয়া লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত বিহা জৰিমনা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি অসমীয়া ...