June 8, 2024 8:46 PM

views 15

টি-২০ বিশ্বকাপত নিউজিলেণ্ডক ৮৪ ৰানত পৰাস্ত আফগানিস্তানৰ, শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ জয়

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰা টি-২০ বিশ্বকাপৰ আজিৰ ৪খন খেলৰ দুখন খেল ইতিমধ্যে অনুষ্ঠিত হৈছে। গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে নিউজিলেণ্ডক ৮৪ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি আফগানিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে ১৫ অভাৰ ২টা বলত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ৭৫ ৰানহে কৰিবলৈ সক্ষম হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকী আৰু ৰছিদ খানে ৪টাকৈ উইকেট দখল কৰে। প্রতিযোগিতাত টেক্সাছত আন এখন খেলত বাংল...