November 30, 2025 11:48 AM

views 24

ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাত ওমানক ১৭-০ গ’লত পৰাস্ত কৰে

ভাৰতে যোৱা নিশা চেন্নাইত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ পুল-বিৰ এখন খেলত ওমানক ১৭-০ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলৰাজ সিঙে ৪ টা, মনমীত সিং আৰু অৰ্শদীপ সিঙে তিনিটাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে ভাৰতে পুল পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত চিলিক ৭-০ গ'লত পৰাভূত কৰিছিল। দুখন খেলত ২৪ টা গ'ল দি ভাৰত সম্প্ৰতি পুল-বিৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু দলটো চেমিফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে। কাইলৈ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া খেলখনত ড্র খেলিব পাৰিলেই ভাৰতে চেমিফাইনেলত স্থান নিশ্চিত কৰি...