January 29, 2025 7:43 PM

views 52

মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন লোক নিহত, ভালেসংখ্যক আহত

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত পদপিষ্ট হৈ প্ৰায় ৩০ জন লোক নিহত হৈছে আৰু ভালেসংখ্যক লোক আহত হৈছে। মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজত মহাকুম্ভথলীৰ অগণন ভক্তই ত্রিবেনী সংগমত অমৃত স্নান কৰিবলৈ সংগম ঘাটলৈ অগ্ৰসৰ হোৱাৰ সময়ত হোৱা হেঁচা থেলাত যোৱা নিশা ভালেসংখ্যক লোক পদপিষ্ট হয়। কুম্ভ মেলাৰ দায়িত্বত নিয়োজিত উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে, এতিয়ালৈকে নিহত ২৫ জন লোকক চিনাক্ত কৰা হৈছে। বাকী ৫ জনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই । মহাকুম্ভ মেলাত সংঘটিত...