October 10, 2025 8:23 PM

views 20

মেঘালয় সীমান্তৰ টাপু আৰু খান্দুলি অঞ্চলত কালি মেঘালয়ৰ দুর্বৃত্তৰ আক্ৰমণত এজন গাঁওবাসী নিহত

পশ্চিম কাৰ্বি আংলং জিলাৰ মেঘালয় সীমান্তৰ টাপু আৰু খান্দুলি অঞ্চলত কালি মেঘালয়ৰ দুর্বৃত্তৰ আক্ৰমণত অসমৰ এজন গাঁওবাসী নিহত হোৱাৰ পাছত অঞ্চলটোলৈ নিৰাপত্তা বাহিনীৰ লোকক প্ৰেৰণ কৰা হৈছে। দুয়ো ৰাজ্যৰ সীমাৰ খান্দুলি গেটেৰে আজি যান-বাহনৰ চলাচল বন্ধ থাকে। কালিৰ সংঘৰ্ষৰ পাছত আজি অঞ্চলটোত সকলো দোকান-বজাৰ বন্ধ থাকে আৰু যান-বাহনৰ চলাচলো বন্ধ হৈ পৰে। বিধায়ক ৰূপসিং তেৰন আৰু কাৰ্বি ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি অঞ্চলটো ভ্রমণ কৰি আৰু শান্তি, সম্প্রীতি ৰক্ষাৰ বাবে সকলো পক্ষকে আহ্বান জনায়।