November 5, 2025 1:19 PM November 5, 2025 1:19 PM
10
উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত কৰাৰ লক্ষ্যৰে নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে নতুন দিল্লীত কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ বৈঠক
উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত তথা ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে অঞ্চলটোৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন বিশেষ বৈঠকৰ আয়োজন কৰে। এই মঞ্চখনে ৰাষ্ট্রীয় পৰ্যায়ত অঞ্চলটোৰ সমস্যাসমূহ তুলি ধৰিব। দিল্লীৰ কনষ্টিটিউচন ক্লাবত ‘ৱান নৰ্থ-ইষ্ট’ শীৰ্ষক এখন সংবাদ মেল সম্বোধন কৰি এন পি পিৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই এই কথা প্রকাশ কৰে। তেওঁ কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তিশালী ভৱিষ্যতৰ বাবে এনেদৰে একত্ৰিত হৈ আগবঢ়াটো সময়ৰ আহ্বান। বিজেপ...