June 13, 2024 11:55 AM

views 10

মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ, একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীলৈ মাহে এহাজাৰ টকা

ৰাজ্য চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ৰূপায়ণ কৰাৰ বাবে কালি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যিক মন্ত্রীসভাই এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্রদান কৰিছে। এই আঁচনি অনুসৰি দশম শ্রেণী উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে এহেজাৰ টকাকৈ লাভ কৰিব। উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱালৈকে ছাত্রীসকলে প্রতিমাহৰ ১১ তাৰিখে বেংক একাউণ্টযোগে এই ধন লাভ কৰিব। একেদৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ তিনিবছৰী...