January 11, 2025 7:30 PM

views 29

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১০ মহীয়া শিশুৰ দেহত এইচ এম পি ভাইৰাছৰ অৱস্থিতি

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই আজি এটি দহমহীয়া শিশুৰ দেহত এইচ এম পি ভাইৰাছৰ অৱস্থিতি ধৰা পেলায়। উল্লেখযোগ্য যে দেশৰ একাধিক ৰাজ্যত হিউমেন মেটানিউমো ভাইৰাছ চমুকৈ এইচ এম পি ভিত আক্রান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্রালয়ে ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

August 21, 2024 12:11 PM

views 19

আজিৰে পৰা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত ২৯ আগষ্টলৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

■ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত আজিৰে পৰা ২৯ আগষ্টলৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাজ্যৰ চিকিৎসা সেৱা সঞ্চালকে কালি এই কথা ঘোষণা কৰে। অহা ৫ ছেপ্তেম্বৰত মহাবিদ্যালয়সমূহত নামভৰ্তি অনুষ্ঠিত হ'ব। ইপিনে, চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে এইবাৰ ৫ শতাংশ আসন সংৰক্ষণ কৰা হৈছে। সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে এই বিশেষ সুবিধা লাভ কৰিব। অসমৰ বাবে থকা মুঠ আসনৰ পৰা এই ৫ শতাংশ আসন সংৰক্ষণ কৰা হ'ব ।