April 7, 2025 11:13 AM

views 28

আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্রতিযোগিতাৰ সামৰণি

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ সহযোগত আয়োজিত আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্রতিযোগিতাৰ কালি সামৰণি পৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগল্‌ছত ঋতুৰাজ বৰঠাকুৰে প্ৰথম, শিৱাশীষ ঠাকুৰে দ্বিতীয় আৰু মানস প্ৰতিম শৰ্মাই তৃতীয় স্থান দখল কৰে। মহিলাৰ ছিংগল্‌ছত নৱনীতা কলিতাই প্রথম, পুনম নাথে দ্বিতীয় আৰু হেনা দে’ই তৃতীয় স্থান দখল কৰে। দলীয় শাখাত গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ শিৱাশিষ ঠাকুৰ, মানস প্ৰতিম শৰ্মা আৰু ঋতুৰাজ বৰঠাকুৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ ...