August 7, 2024 12:48 PM

views 30

ভাৰতীয় নাগৰিকসকলক লিবিয়া ভ্রমণ নকৰিবলৈ পৰামৰ্শ প্ৰদান বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক বিশেষ প্রয়োজন নাথাকিলে লিবিয়া ভ্রমণ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ২০১৬চনৰ ২৩মেত মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলৰ লিবিয়া ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল। লিবিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয়সকলক এই আহ্বান জনোৱা হৈছে। লিবিয়াত থকা ভাৰতীয় নাগৰিকসকলক স্থলপথেৰে অন্য প্ৰান্তলৈ যাত্ৰা নকৰিবলৈ আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে মন্ত্রালয়ে ট্রিপলীস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈও পৰামৰ্শ প্ৰদান কৰিছে।