October 16, 2025 7:56 PM

views 18

ভাৰতে আফগান-পাকিস্তানৰ মাজৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে : ৰনধীৰ জয়ছৱাল

ভাৰতে আফগান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কতা-বতৰাত মন্ত্রালয়ৰ মুখপাত্র ৰনধীৰ জয়ছৱালে কয় যে শেহতীয়া ঘটনাক্ৰমৰ পৰা পাকিস্তানে সন্ত্রাসবাদী সংগঠনক আশ্রয় দিয়া আৰু সন্ত্রাসবাদী কার্যকলাপত পৃষ্ঠপোষকতা কৰাটো স্পষ্ট হৈ পৰিছে। নিজৰ অভ্যন্তৰীণ ব্যর্থতাৰ বাবে চুবুৰীয়া ৰাষ্টসমূহক দোষাৰোপ কৰাটো পাকিস্তানৰ পুৰণি স্বভাৱ বুলি তেওঁ মন্তব্য কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে আফগানিস্তানে নিজৰ ভূখণ্ড...