April 26, 2024 12:32 PM April 26, 2024 12:32 PM

views 10

ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত এম এছ চি এৰিজৰ ১৬ গৰাকী সদস্য দেশলে উভতি আহিব বুলি বিদেশ মন্ত্র্যালয়ৰ প্ৰকাশ

বিদেশ মন্ত্র্যালয়ে কৈছে যে, ইৰাণে জব্দ কৰা এম এছ চি এৰিজ নামৰ মালবাহী জাহাজখনৰ ১৬ গৰাকী সদস্য ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত দেশলে উভতি আহিব। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, চালক দলৰ সদস্যসকলৰ স্বাস্থ্য ঠিকে আছে আৰু তেওঁলোকে নিয়মীয়াভাবে পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। তেওঁলোক জাহাজত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি বিদেশ মন্ধ্যালয়ৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে যোৱা ১৮ এপ্ৰিলত এম এছ চি এৰিজ নাম...