January 22, 2026 11:47 AM
3
শিৱসাগৰত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন
শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাছু জিলা সমিতিৰ সহযোগত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিয়ে আজি এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি কয়, যে প্ৰতিবছৰে মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন এইবাৰ বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে ১ ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰানৰ আয়োজন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ তিনিটা শাখাত হ'বলগীয়া এই প্রতিযোগিতাত বিজ...