June 11, 2024 6:36 PM

views 23

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়াত স্থগিতাদেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়াত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছে। যোৱা ৫ মে'ত অনুষ্ঠিত হোৱা নীট ইউ জি পৰীক্ষা বাতিল কৰিব বিচৰা আবেদন সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা অর্থাৎ এন টি এৰ পৰা আদালতে উত্তৰ বিচাৰিছে। বিষয়টো সন্দৰ্ভত বাকী থকা আন এখন আবেদনৰ সৈতে অহা ৮ জুলাইত শুনানি গ্ৰহণ কৰা হ'ব। পৰীক্ষাৰ সৈতে জড়িত অসৎ কামকাজ আৰু জালিয়াতিৰ পুংখানুপুংখ তদন্তৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য সংগঠনে দাবী উত্থাপন কৰিছিল।