April 21, 2024 8:08 PM

views 26

এতিয়া কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব, বর্তমান জন-সাধাৰণে ভাল দিনৰ সপোনৰ বাস্তৱিকতা ভালকৈয়ে বুজি পাইছেঃ বি এছ পিৰ মুৰব্বী মায়াৱতী

বি এছ পিৰ মুৰব্বী মায়াৱতীয়ে আজি গাজিয়াবাদত এখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। মায়াৱতীয়ে কয় যে, এতিয়া কেৱল প্ৰতিশ্ৰুতিৰে কাম নচলিব। বর্তমান জন-সাধাৰণে ভাল দিনৰ সপোনৰ বাস্তৱিকতা ভালকৈয়ে বুজি পাইছে। মায়াৱতীয়ে কয় যে, কেন্দ্ৰত এইবাৰ বিজেপি ঘূৰি আহিবলৈ সমৰ্থ নহ'ব। তেওঁ কয় যে, অকল বিনামূলীয়া ৰেচনে জনসাধাৰণক লাভান্বিত নকৰে আৰু কেৱল কাম কৰাৰ সুবিধা প্ৰদান কৰিলেই জীৱন-ধাৰণৰ মান উন্নীত হ'ব নোৱাৰে। শ্ৰীমায়াৱতীয়ে কয় যে, বৰ্তমানৰ বিজেপি চৰকাৰৰ জাতিবাদী, সাম্প্ৰদায়িক আৰু পুঁজিবাদী চিন্তা-ধাৰা ত...