May 1, 2024 6:55 PM May 1, 2024 6:55 PM
15
ৰাজ্যৰ বিভিন্ন স্থানত শ্রমিক দিৱস পালন
শ্রমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে' দিৱস হিচাপেও পৰিচিত। অর্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্রমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কামৰ সময় দৈনিক ৮ ঘণ্টা নিৰ্ধাৰণৰ দাবীত ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্রমিক সমাবেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ শ্রমিক শ্ৰেণীৰ...