June 15, 2025 7:55 PM June 15, 2025 7:55 PM
7
ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সেনানী ছহিদ কুশল কোঁৱৰৰ স্মৃতিত শ্রদ্ধা নিবেদন
স্বাধীনতা সেনানী ছহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে'ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যু দণ্ডৰ হুকুম দিয়া হৈছিল। ১৯৪৩ চনৰ আজিৰ তাৰিখতে কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানী গৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছহিদ গৰাকীৰ...