October 12, 2025 7:58 PM

views 22

ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত ছহিদ মহেন্দ্ৰ লস্কৰৰ শেষকৃত্য সামৰিক মৰ্যদাৰে সম্পন্ন

ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত ছহিদ হোৱা নগাওঁ জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাওঁৰ মহেন্দ্ৰ লস্কৰৰ নশ্বৰ দেহ আজি তেওঁৰ বাসগৃহলৈ অনা হয়। কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱানসকলে সমদল কৰি আনি জোৱানজনলৈ শেষ শ্রদ্ধা জনায়। নগাওঁ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠন আৰু পৰিয়ালৰ লোকসকলে ছহিদ জোৱানজনৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। উল্লেখ্য যে ১০ অক্টোবৰত ঝাৰখণ্ডৰ চাইবাচা এলেকাত সংঘটিত আই ই ডি বিস্ফোৰণত জোৱানজন নিহত হৈছিল। চি আৰ পি এফৰ ৬০ নম্বৰ বেটেলিয়নৰ ১১-১২ জনীয়া দল এটাই টহল দি থকা অৱস্থাতে বিস...