December 19, 2025 12:31 PM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওমান, ইথিঅ’পিয়া আৰু জৰ্দান ভ্রমণ সফলতাৰে সম্পন্ন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওমান, ইথিঅ'পিয়া আৰু জৰ্দানৰ ত্ৰিদেশীয় ভ্রমণ সফলতাৰে সম্পন্ন কৰিছে। ওমান ভ্রমণ কালত দুয়োখন দেশে প্রধানমন্ত্ৰী মোদী আৰু ওমানৰ চুলতান হিছাম বিন তাৰিকৰ উপস্থিতিত সৰ্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰে। দুয়োপক্ষই সামুদ্রিক সহযোগিতা, উচ্চ শিক্ষা, কৃষি, মিলেটৰ খেতিসহ ৬ খন চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ উপৰি ওমানৰ বাণিজ্য আৰু উদ্যোগ সংগ আৰু ভাৰতীয় উদ্যোগ পৰিসংঘৰ মাজতো এখন বুজাবুজিৰ চুক্তি সম্পন্ন হয়।