April 5, 2025 11:19 AM

views 12

দেশত ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস। জাহাজ পৰিবহণ উদ্যোগত দেশৰ উল্লেখনীয় অগ্ৰগতিক সুঁৱৰি ভাৰতে আজি ৬২ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপন কৰিব। সামুদ্রিক অভিযানৰ গুৰুত্বত আলোকপাত কৰাৰ উপৰি কেইবামাহ ধৰি সমুদ্ৰত সাহসিকতাৰে কৰ্মৰত লোকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ চিন স্বৰূপে প্ৰতিবছৰে ৫ এপ্ৰিলত এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় সামুদ্রিক দিৱসৰ লগত সংগতি ৰাখি ৩০ মাৰ্চৰ পৰা আজি পর্যন্ত মার্চেন্ট নেভী সপ্তাহো পালন কৰা হৈছে। এই দিৱস উপলক্ষে গুজৰাটৰ কাট্‌ছ উপকূলৰ কাণ্ডালা বন্দৰত আজি বিভিন্ন কাৰ্যসূচীৰ আয়...