September 4, 2025 7:15 PM

views 15

মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠান

কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰা আৰু তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি বিভিন্ন আঁচনিৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে এই মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্মই উদ্বোধন কৰা এই অনুষ্ঠানৰ আজি প্ৰথম দিনা শালিধানৰ খেতিত কীট-পতংগ, শুঁৰপোকৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ উপ...

August 5, 2025 8:10 PM

views 15

মৰিগাঁওত বানত ক্ষতিগ্ৰস্ত ৰাইজক সকাহৰ বাবে কমিউনিটি নাৰ্ছাৰী শীৰ্ষক পদক্ষেপ

মৰিগাঁও জিলা কৃষি বিভাগে জিলাখনৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক সকাহ দিয়াৰ বাবে কমিউনিটি নাৰ্ছাৰী শীৰ্ষক পদক্ষেপৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিছে। আজি বিভাগে সমূহীয়া কঠীয়াতলী প্ৰস্তুত কৰা উন্নত জাত কঠীয়া আনুষ্ঠানিকভাৱে বিতৰণ কৰে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ২০২৫-২৬ৰ অধীনত গছৰ গুৰি কৃষি উন্নয়ন চক্ৰৰ অধীনৰ উদৰিৰ ভূমিত এই কঠীয়া ৰোপণ কৰা হ’ব। কৃষি বিভাগে আজি ৬১ গৰাকী কৃষকক এই কঠীয়া বিতৰণ কৰে।

June 14, 2025 6:21 PM

views 12

আজিৰে পৰা মৰিগাঁওত সদৌ অসম আৰক্ষী সন্থাৰ দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত

সদৌ অসম আৰক্ষী সন্থাৰ দ্বিবার্ষিক অধিবেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁওত অনুষ্ঠিত হৈছে। এই উপলক্ষে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৱ প্ৰজন্মৰ উশৃংখলতা, অভিভাৱকৰ দায়িত্ব আৰু আৰক্ষীৰ ভূমিকা শীর্ষক বিষয়ত আলোচনা কৰা হয়। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শর্মা, অসম আৰক্ষীৰ প্ৰশাসনিক শাখাৰ সহকাৰী মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীৰ উপৰি ভালেসংখ্যক আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে।

May 27, 2025 6:30 PM

views 12

মৰিগাওঁ মহাবিদ্যালয়ক স্বায়ত্ত শাসিত মহাবিদ্যালয় হিচাপে ঘোষণা

বিশ্ববিদ্যালয় অনুদান আয়োগে মৰিগাওঁ মহাবিদ্যালয়ক স্বায়ত্ত শাসিত মহাবিদ্যালয়  হিচাপে ঘোষণা কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যুটীয়া সচিব মনোজ কুমাৰে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে। কলা-বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুঠ ১৯ টা বিষয়ৰ উপৰি কেইবাটাও বিষয় স্নাতকোত্তৰ পাঠ্যক্ৰম থকা মৰিগাওঁ মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে ঘোষণা কৰাক লৈ জনসাধাৰণে আনন্দ প্ৰকাশ কৰিছে।

March 22, 2025 12:58 PM

views 16

মৰিগাওঁত আজিৰে পৰা দুদিনীয়াকৈ কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ কাৰ্যালয় প্ৰাঙ্গনত আজিৰে পৰা দুদিনীয়াকৈ কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ ২২ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন অনুষ্ঠিত হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ শতাধিক কৰ্কট ৰোগৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰা এই অধিবেশন আজি মন্ত্ৰী কৌশিক ৰায়ে উদ্বোধন কৰে। কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শর্মাই উদ্বোধনী ভাষণত কৰ্কট ৰোগৰ চিকিৎ‍সা আৰু এই সম্পৰ্কত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সংগঠনটোৱে কৰি অহা বিভিন্ন কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে।

February 25, 2025 6:47 PM

views 15

মৰিগাঁওৰ জাগীৰোডৰ সিন্ধিচৰত আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

মৰিগাঁও জিলাৰ জাগীৰোডৰ সিন্ধিচৰত আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে সমগ্ৰ অঞ্চলজুৰি বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জাগীৰোড সমজিলা আয়ুক্ত বিমান দাসে মুকলি কৰা এই শোভাযাত্ৰাত তিৱা জনগোষ্ঠীৰ উপৰি মিছিং, বড়ো, কাৰ্বি, ৰাভা, আদি বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছত আয়োজিত মুকলি সভাত তিৱা জনগোষ্ঠীৰ বিভিন্ন বিষয়ত আলোচনা কৰা হয়। সভাত ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাসকলে অংশ লয়।

February 21, 2025 7:30 PM

views 14

মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ সামৰণি

মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত উদ্যানশস্যৰ নাৰ্ছাৰী ব্যৱস্থাপনা আৰু মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ আজি সামৰণি পৰে। মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকীও উদ্যমী কৃষকে অংশগ্ৰহণ কৰে। জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ নৱদীপ শ‍ইকীয়াই পৰিচালনা কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত কেইবাগৰাকীও কৃষি বিজ্ঞানীয়ে অংশ লয়। প্ৰশিক্ষণৰ অংশ হিচাপে মৌপালকসকলক ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে সদৌ অসম মৌ পালক সন্থাৰ ...

January 27, 2025 7:12 PM

views 7

মৰিগাঁও জিলাৰ টোপাতলীত এৰী কৃষি বিজ্ঞান অনুষ্ঠিত

মৰিগাঁও জিলাৰ টোপাতলীত থকা কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ এৰী মৌলিক বীজ ফাৰ্মত আজি এৰী কৃষি বিজ্ঞান অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ এই কৃষি মেলাত মন্ত্ৰী পীযূষ হাজৰিকা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণৰ লগতে এৰী-মূগাৰ প্ৰদৰ্শনী মুকলি কৰে। তেঁও এৰী, পলু প্ৰতিপালনৰ খাদ্য বৃক্ষ প্ৰস্তুতৰ কৃষি প্ৰণালী নামৰ এখন হাতপুথি উন্মোচন কৰি এৰী উৎপাদনেৰে স্বাৱলম্বী হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪ গৰাকী কৃষকক পুৰস্কাৰ প্ৰদান কৰি এৰী পালকসকলৰ সৈতে মত বিনিময় কৰে।

November 4, 2024 12:53 PM

views 20

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা জিয়াৰুল ইছলামক অন্ধ্র প্রদেশত কৰায়ত্ব

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা যোৱা ১১ অক্টোবৰৰ নিশা পলায়ন কৰা পাঁচজন কয়দীৰ অন্যতম জিয়াৰুল ইছলামক কালি অন্ধ্র প্রদেশত মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰে। মৰিগাঁও আৰক্ষীৰ এটা দলে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ চুল্লুৰুপেটা থানাৰ অন্তৰ্গত এটা গোপন স্থান অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাই জিয়াৰুল ইছলামক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন জিয়াৰুলক আজি অন্ধ্ৰ প্ৰদেশৰ পৰা মৰিগাঁৱলৈ অনা হ'ব। লগতে জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা আন দুই কয়দী নুৰ ইছলাম আৰু মাফিদুল ইছলামক...