July 24, 2024 7:49 PM

views 15

মৰিয়নি মহাবিদ্যালয়ত অসামৰিক প্ৰতিৰক্ষাবিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আৰু জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা নিয়ন্ত্ৰকৰ উদ্যোগত আজিৰেপৰা মৰিয়নি মহাবিদ্যালয়ত অসামৰিক প্ৰতিৰক্ষা বিষয়ক প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উদ্ধাৰ আৰু সাহায্য অভিযান অগ্নিকাণ্ড আৰু জৰুৰীকালীন অৱস্থাত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, দুর্যোগ ব্যৱস্থাপনা আদি সম্পর্কে প্রশিক্ষণ দিয়া হয়। প্ৰশিক্ষণৰ পাছত ৩২ গৰাকী অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকক বাছনি কৰি মানপত্ৰ প্ৰদান কৰে।