December 24, 2024 8:19 PM

views 16

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত নতুনকৈ ৩গৰাকী কাৰ্যবাহী সদস্য নিযুক্তি

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত নতুনকৈ ৩গৰাকী কাৰ্যবাহী সদস্য নিযুক্তি দিয়া হৈছে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি ঘটোৱা এই সালসলনিৰ অধীনত ১৪জনীয়া কাৰ্যবাহী পৰিষদখনত কাছে ৰংপিপী, তিলোত্তমা হাছনু আৰু মাধুৰ্য ঢেকীয়াল ফুকনক কাৰ্যবাহী সদস্যৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। কাংবুঢ়া কিলিং আৰু মুকুট মহন্তক কাৰ্যবাহী সদস্যৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।