April 25, 2024 11:24 AM

views 3

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত ১৮গৰাকী মাওবাদীৰ আৰক্ষীৰ সন্মুখত অস্ত্ৰ সম্বৰণ

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত কালি এজন প্লাটুন কামাণ্ডাৰ আৰু ৩ গৰাকী মহিলাসহ ১৮ জন মাওবাদীয়ে আৰক্ষীৰ সন্মুখত অস্ত্ৰ সম্বৰণ কৰে। লোণ ৱৰটু অভিযানৰ অধীনত আৰক্ষী মহা পৰিদৰ্শক কমললোচন কাশ্যপ আৰু আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ৰ ওচৰত মাওবাদী কেইজনে অস্ত্র সম্বৰণ কৰে। আৰক্ষী অধীক্ষকে কৈছে যে, অস্ত্ৰ সম্বৰণ কৰা মাওবাদীকেইজনক ছত্তিশগড় চৰকাৰৰ পুনৰ সংস্থাপন আঁচনিৰ অধীনত ২৫ হাজাৰ টকাৰ উদগনিমূলক ধনৰাশি আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা হ'ব।