May 15, 2025 11:53 AM
9
ছত্তিশগড় বিজাপুৰত ৩১ জন মাওবাদী নিহত
ছত্তিশগড় জিলাৰ বিজাপুৰৰ তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰত প্ৰায় ২১ দিন ধৰি চলি থকা মাওবাদী বিৰোধী অভিযানত ১৬ গৰাকী মহিলা মাওবাদীকে ধৰি মুঠ ৩১ জন মাওবাদী নিহত হৈছে। বিজাপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিং, ছত্তিশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান অৰুণ দেৱ গৌতম আৰু বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ যাদৱে কয় যে যোৱা ২১ এপ্ৰিলৰ পৰা ১১ মে'লৈ চলোৱা অভিযানত মুঠ ২১ বাৰ সংঘৰ্ষৰ সূত্রপাত হয়। এই সময়ছোৱাত ছেল্ফ লোডিং ৰাইফ...