November 23, 2024 10:27 AM

views 10

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত কমেও ১০টা মাওবাদী নিহত

ছত্তীশগড়ত কালি নিৰাপত্তাৰক্ষী আৰু মাওবাদী উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত কমেও ১০টা মাওবাদী নিহত হৈছে। সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে ৰাজ্যখনৰ চুকমা জিলাৰ কন্তা অঞ্চলত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে চি আৰ পি এফ আৰু ডিষ্ট্রিক্ট ৰিজাৰ্ভ গার্ড- চমুকৈ ডি আৰ জিয়ে যুটীয়া অভিযান আৰম্ভ কৰে। এই অভিযানৰ সময়তে ভেজ্জী অঞ্চলৰ ঘন জংঘলত দুয়োপক্ষৰ মাজত গুলীয়াগুলী লাগে। এই সংঘর্ষত কমেও ১০ মাও...