March 26, 2025 7:29 PM

views 10

ছত্তিশগড়ৰ চুকমা জিলাত ৯জন মাওবাদীৰ আত্মসমৰ্পন

ছত্তিশগড়ৰ চুকমা জিলাত আজি ৯জন মাওবাদীয়ে আত্মসমৰ্পন কৰে। তেওঁলোকৰ ভিতৰত ছগৰাকী মহিলা মাওবাদীও আছে। আত্মসমৰ্পণ কৰা মাওবাদী কেইজন কেইবাটাও গুৰুতৰ ঘটনাৰ সৈতে জড়িত আছিল। মাওবাদী কেইজনক ধৰাই দিব পাৰিলে ২৬ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি ইতিপূৰ্বে ঘোষণা কৰা হৈছিল।