March 1, 2025 8:58 PM
8
ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত
ছত্তিশগড়ৰ ছুকমা জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। মাওবাদীকেইজন কিস্তাৰাম এলেকাত আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছতে জিলা সংৰক্ষিত বাহিনী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা যুটীয়া দলে অভিযান চলায়। মাওবাদীকেইজনে বনাঞ্চলৰ পৰা সুৰক্ষা বাহিনীৰ দলটোক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীৰ দলটোৱে গুলী চলাবলৈ বাধ্য হয়। এই গুলীয়াগুলীত দুজন মাওবাদী নিহত হয়। নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে।