December 12, 2024 8:21 PM

views 10

ছত্তিশগড়ৰ দক্ষিণ আবুজমাৰ অঞ্চলত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত ৭ মাওবাদী নিহত

ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাৰ দক্ষিণ আবুজমাৰ অঞ্চলত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত সাতজন মাওবাদী উগ্রপন্থী নিহত হয়। চৰকাৰী সূত্ৰই ৰায়পুৰত প্ৰকাশ কৰা অনুসৰি গোপন সূত্ৰৰ পম খেদি বিশেষ টাক্স ফোৰ্চ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যুটীয়া দলে আজি পুৱা অঞ্চলটোত অভিযান চলায়। এই অভিযানৰ সময়ত লুকাই থকা উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীৰ দললৈ গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয় । পাছত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোৰ পৰা সাতজন উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰে ।