July 30, 2024 8:46 PM

views 18

পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকৰ-সৰবজোৎ সিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাত ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত দেশৰ হকে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈ দুগৰাকীয়ে আজি দক্ষিণ কোৰিয়াৰ অ'হ য়ে জিন আৰু লী ৱান্‌হোক ১৬-১০ ফলাফলত পৰাভূত কৰে। ইয়াৰ লগে লগে মনু ভাকৰ স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত অলিম্পিকৰ একেটা সংস্কৰণৰ দুটাকৈ পদক লাভ কৰা দেশৰ প্ৰথম গৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে মনু ভাকৰে দেওবাৰে ১০ মিটাৰ এয়াৰ পিষ্টল শিতানত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম বৃটিছ ভাৰতীয় এথলীট ...