April 2, 2025 7:36 PM

views 23

আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব

আৰ্জেণ্টিনাৰ ব্যুনছ আয়াৰত কাইলৈ হ'বলগীয়া আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ বাবে ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব। প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত খেলুৱৈসকলে ৰাইফল, পিষ্টল আৰু শটগান শাখাত প্রতিদ্বন্দিতা আগবঢ়াব। এইবছৰৰ আই এছ এছ এফ বিশ্বকাপত ৪৫ খন দেশৰ ৪০০ শতকৈও অধিক শ্লুটাৰে অংশগ্ৰহণ কৰিছে। ৪৩ জনীয়া শুটাৰেৰে ভাৰতীয় দলটো প্ৰতিযোগিতাৰ আটাইতকৈ বৃহৎ দল আৰু ৩৯ গৰাকী খেলুৱৈৰে চীনৰ দলটো দ্বিতীয বৃহৎ দল হিচাপে পৰিগণিত হৈছে। আয়োজক দেশ...

February 18, 2025 12:12 PM

views 26

মনু ভাকেৰক বিবিচি ইণ্ডিয়ানছ স্পৰ্টছ ওমেন অৱ দা ইয়াৰ হিচাপে ঘোষণা

ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰক পেৰিছ অলিম্পিকত দেখুওৱা উৎকৃষ্ট প্রদৰ্শনৰ বাবে বিবিচি ইণ্ডিয়ানছ স্পৰ্টছ ওমেন অৱ দা ইয়াৰ হিচাপে ঘোষণা কৰা হৈছে। এই বঁটাৰ বাবে মনোনীত আন চাৰিগৰাকী খেলুৱৈৰ ভিতৰত গল্ফ খেলুৱৈ অদিতি আশোক, পেৰাচাৰ অৱনী লেখাৰা, ভাৰতীয় মহিলা ক্রিকেট দলৰ উপ-অধিনায়ক স্মৃতি মন্ধনা আৰু মল্লযোদ্ধা ভিনেশ ফোগাট আছিল। ক্রীড়া সাংবাদিক আৰু লেখকৰ জুৰীয়ে মনোনীত খেলুৱৈসকলৰ মাজৰ পৰা ভাকেৰক এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। ২২ বছৰীয়া মনুৱে পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি স্বাধীনতাৰ পাছত এই প...

August 2, 2024 12:13 PM

views 43

ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে অলিম্পিকত আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব

চলিত পেৰিছ অলিম্পিকত ইতিমধ্যে দুটা পদক জয় কৰি ইতিহাস গঢ়া ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত আজি দিনৰ ১২.৩০ বজাত মনু আৰু ভাৰতৰ আন এগৰাকী শ্বুটাৰ ঈশা সিং অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, পেৰিছ অলিম্পিকত দেশক প্ৰথমটো পদক দিয়া মনুই ইতিমধ্যে ১০ মিটাৰ পিষ্টল শাখাত একক আৰু মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰি এখন অলিম্পিকতে দুটাকৈ পদক জয় কৰা প্ৰথম ভাৰতীয় ক্রীড়াবিদ হোৱাৰ যোগ্যতা অর্জন কৰিছে। ভাৰতে ইতিমধ্যে লাভ কৰা তিনিও...

July 28, 2024 7:19 PM

views 19

পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকেৰৰ মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ

ভাৰতৰ মনু ভাকেৰে মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। পেৰিছ অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। দহ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেল ইভেণ্টত ২২১ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰ অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ। আনহাতে, পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত অর্জুন বাবুতাই ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। ইফালে মহিলাৰ একক ইভেণ্টত ছুইডেনৰ ক্ৰিষ্টিনা কলবাৰ্গৰ বিৰুদ্ধে ভাৰতীয় পেডেলাৰ শ্ৰীজা আকুলাই ৬৪ ৰাউণ্ডত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰ...