June 13, 2025 12:26 PM

views 12

ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান

২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই পদ্ম বিভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পীগৰাকীক এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে। বঁটা প্ৰদান কৰি দিয়া ভাষণত ৰাজ্যপাল শ্ৰী আচাৰ্যই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আধ্যাত্মিক আলোকদ্ৰষ্টা আৰু সাংস্কৃতিক সংস্কাৰক বুলি উল্লেখ কৰি তেওঁৰ মহানকর্মই ভৌগোলিক সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় একতাৰ নিদৰ্শন হিচাপে পৰিগণিত...