January 25, 2025 8:01 PM

views 18

মানস ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আজি মানস ৰাষ্ট্ৰীয় উদ্যানতো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ গোলাগাঁৱত ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানতে বিটিচিৰ পৰ্যটন বিভাগে গাওঁখনক পর্যটন বিভাগৰ আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰে। বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধর্ম নাৰায়ণ দাসে আনুষ্ঠানিকভাৱে গোলাগাওঁক আদর্শ গাওঁ হিচাপে ঘোষণা কৰে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস, পাৰিষদ জয় মুছাহাৰীৰ লগতে পৰ্যটন বিভাগৰ কেইবাগৰাক...