April 5, 2025 9:08 PM

views 28

কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন

কিংবদন্তি চলচ্চিত্র অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ শেষকৃত্য আজি মুম্বাইৰ পৱন হংছ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয়। কালি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ দেহাৱসান ঘটে। অমিতাভ বচ্চন, অভিষেক বচ্চন, প্রেম চোপ্ৰা, চলিম খান, আৰবাজ খান, অনু মালিক, বিন্দু দাৰাসিং, ৰাজপাল যাদৱ আৰু ৰাজ মুৰাজকে ধৰি চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক অভিনেতা আৰু বিশিষ্ট ব্যক্তিয়ে অন্তেষ্টিক্রিয়া অনুষ্ঠানত উপস্থিত থাকে।

April 4, 2025 7:37 PM

views 28

প্রবীন অভিনেতা-পৰিচালক মনোজ কুমাৰৰ অন্ত্যোষ্টিক্রিয়া কাইলৈ দিনৰ ১১ বজাত মুম্বাইৰ পৱনহংসত সম্পন্ন কৰা হ’ব

আজি পুৱা মুম্বাইত দেহাৱসান ঘটা প্রবীন অভিনেতা-পৰিচালক মনোজ কুমাৰৰ অন্ত্যোষ্টিক্রিয়া কাইলৈ দিনৰ ১১ বজাত মুম্বাইৰ পৱনহংসত সম্পন্ন কৰা হ'ব। বর্ষীয়ান অভিনেতাগৰাকীৰ বিয়োগত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বিশিষ্ট ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বলিউদৰ কিংবদন্তি অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মা...

April 4, 2025 12:20 PM

views 23

প্রবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ আজি পুৱা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। বলিউদৰ কিংবদন্তি অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে।        প্ৰয়াত কুমাৰে বলিউদত দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ এটা নতুন ধাৰা সৃষ্টি কৰিছিল আৰু উপকাৰ, পূৰৱ ঔৰ পশ্চিম আৰু ক্ৰান্তিৰ লেখীয়া কালজয়ী কথাছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল। অভি...