July 9, 2024 12:06 PM

views 17

গুৱাহাটীত উত্তৰ-পূবৰ শক্তিমন্ত্রী তথা গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালৰ বৈঠক

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে আজি গুৱাহাটীত উত্তৰ-পূবৰ শক্তিমন্ত্রী তথা গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগৰ মন্ত্ৰীসকলৰ সৈতে দুখন সুকীয়া বৈঠকত মিলিত হ'ব। ইটানগৰৰ পৰা আহি কালি বিয়লি গুৱাহাটীত উপস্থিত হোৱা শ্ৰী লালে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰৰ পৰা পোনে পোনে পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰলৈ আহি কেন্দ্ৰটোৰ লগতে ব্ৰহ্মপুত্ৰ নদীপাৰ প্ৰকল্প পৰিদৰ্শন কৰে। ...