September 5, 2025 9:00 PM

views 23

প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালৰ

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে আজি দ্বিতীয় পৰ্যায়ৰ প্রধামন্ত্ৰী আৱাস যোজনাৰ অধীনত অংগীকাৰ ২০২৫ অভিযান মুকলি কৰে। সমগ্ৰ দেশতে নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ ৰূপায়ণ ক্ষীপ্ৰ কৰি তোলাৰ উদ্দেশ্যে এই অভিযান মুকলি কৰা হৈছে। এই অভিযানৰ অধীনত প্রধানমন্ত্ৰী আৱাস যোজনাৰ আবেদনকাৰীসকলৰ নথিপত্ৰৰ পৰীক্ষণ কম সময়ৰ ভিতৰতে সম্পন্ন কৰা হ'ব আৰু ইতিমধ্যে অনুমোদন পোৱা বাসগৃহসমূহৰ নিৰ্মাণ খৰতকীয়া কৰা হ'ব। নগৰীয়া অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজ...

December 22, 2024 8:27 PM

views 27

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত কেৰালাত ৰূপায়িত বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা বৈঠক

শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি কেৰালাত ৰূপায়িত হৈ থকা শক্তি আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনামূলক এখন বৈঠকত অধ্যক্ষতা কৰে। থিৰুৱানন্তপুৰমত অনুষ্ঠিত এই বৈঠকখনত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী, বিদ্যুৎ বিভাগৰ ৰাজ্য মন্ত্ৰী কে কৃষ্ণ কুট্টীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে। শ্রী মনোহৰ লালে সামাজিক মাধ্যম এক্সৰ জৰিয়তে সদৰি কৰা অনুসৰি পৰ্যালোচনামূলক বৈঠকখনত জলবিদ্যুৎ প্ৰকল্পৰ উন্নয়ন, শক্তি সঞ্চয়, কাৰ্যকৰ...

November 19, 2024 12:35 PM

views 21

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় কৰ্মশালা

কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে কৈছে যে প্রধানমন্ত্রী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ পকী ঘৰৰ সপোন পূৰ্ণ হ'ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ সন্দৰ্ভত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় কৰ্মশালা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আচনিয়ে প্রতক্ষ আৰু পৰোক্ষভাবে ৩ কোটিতকৈও অধিক নিয়োগৰ সুবিধা সৃষ্টি কৰিছে। তেওঁ এই আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সমাজৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে যাতে ইয়াৰ সুবিধা লাভ ক...