September 29, 2024 6:31 PM

views 23

দেশৰ জনসাধাৰণ যোগাত্মক তথ্য পাবৰ বাবে কিমান আগ্ৰহী সেয়া মন কী বাতে প্ৰমাণ কৰি দেখুৱাইছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

মন কী বাতৰ ১১৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে, এইটো খণ্ড তেওঁৰ বাবে বিশেষভাৱে আৱেগিক, কাৰণ এই অনুষ্ঠানে ১০ বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। তেওঁ কয় যে, ১০ বছৰ পূৰ্বে ৩ অক্টোবৰত বিজয়া দশমীৰ দিনা মন কী বাত আৰম্ভ হৈছিল। তেওঁ কয় যে, দেশৰ বিভিন্ন কোণৰ পৰা বিভিন্ন বিষয়ৰ তথ্য দি কোটি কোটি শ্রোতাই মন কী বাতক সমৃদ্ধ কৰিছে। শ্ৰোতাসকলক এই অনুষ্ঠানৰ প্ৰকৃত আঁত ধৰোতা বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে, দেশৰ লোকসকল যোগাত্মক তথ্য পাবৰ বাবে কিমান আগ্ৰহী হৈ থাকে সেয়া মন কী বাতে প্ৰমাণ কৰি ...

September 29, 2024 6:28 PM

views 25

স্বচ্ছ ভাৰত মিছনক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সকলোকে আহ্বান

স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত কয় যে, ২ অক্টোবৰত এই অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হ'ব আৰু মানুহৰ মাজত আৱৰ্জনাক সম্পত্তিলৈ ৰূপান্তৰ কৰাৰ মন্ত্ৰ জনপ্ৰিয় হোৱাৰ কথাই এই অভিযানৰ সাফল্যকে নিৰ্দেশ কৰিছে। তেওঁ কয় যে, বর্তমান দেশবাসীয়ে হ্রাস, পুনৰ ব্যৱহাৰ আৰু নৱীকৰণৰ বিষয়ে কবলৈ লৈছে। প্রধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত মিছনক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে সকলোকে আহ্বান জনায়। স্বচ্ছতাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰি যোৱা মহাত্মা গান্ধীলৈ তেওঁ গভীৰ শ্ৰদ্ধা...

September 22, 2024 11:47 AM

views 19

২৯ ছেপ্তেম্বৰত আকাশবাণীৰ ১১৪ সংখ্যক  মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে ২৭ ছেপ্তেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব ...

August 25, 2024 8:41 PM

views 15

স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

হৰ ঘৰ তিৰংগা অভিযানৰ কথা মন কী বাতত উল্লেখ কৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কয় যে, জম্মু কাশ্মীৰৰ ৰিয়েছিত এটা তিৰংগা সমদলত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেঁতু চেনাব ৰেলৱে সেঁতুত ৭৫০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। তেওঁ গৌৰৱেৰে কয় যে, এই ছবি দেখা প্ৰতিজন লোকৰে হৃদয় আনন্দৰে ভৰপূৰ হৈ উঠিছে। শ্রীমোদীয়ে কয় যে, শ্ৰীনগৰৰ দাল হ্ৰদতো তিৰংগা যাত্ৰাৰ অবিস্মৰণীয় ছবি দেখা গৈছিল। অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাত ৬০০ ফুট দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ তিৰংগা যাত্ৰা অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰি তেওঁ...

August 25, 2024 7:57 PM

views 25

বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ জনসাধাৰণক প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। লগতে মাতৃৰ নামত এটা গছপুলি ৰোৱা অভিযানতো অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। প্রধানমন্ত্ৰীয়ে জনসাধাৰণক সৱল সুঠাম হৈ থকাত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত পুষ্টিকৰ আহাৰ আৰু জীৱনশৈলীত গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ যোৱা বছৰ পোষণ অভিযানক নতুন শিক্ষানীতিৰ সৈতে সংযুক্ত কৰা বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে কেইদিনমানৰ পিছতে পেৰিছত পেৰালিম্পিক আৰম্ভ হ'ব আৰু ইয়াত দেশৰ হৈ অং...

August 25, 2024 6:45 PM

views 30

মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছে। আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া অনুষ্ঠান মন কী বাতত আজি প্রধানমন্ত্রীয়ে কয় যে, দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম-কাজ হৈছে আৰু এইসমূহ কাম-কাজে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰিব। তেওঁ কয় যে, ২৩ আগষ্টত দেশবাসীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিলে আৰু লগতে চন্দ্ৰযান-৩ৰ সাফল্যকো উদযাপন কৰিলে। যোৱা বছৰৰ ২৩ আগষ্টত চন্দ্ৰযান-৩য়ে জোনবাইৰ দক্ষিণ অংশত থকা শিৱশক্তি পইণ্টত সফলভাৱ...

August 25, 2024 6:40 PM

views 23

অসমৰ তিনিচুকীয়াৰ বাৰেকুৰিৰ গাঁৱৰ মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ প্ৰসংগ মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰীয়ে অসমৰ তিনিচুকীয়া জিলাৰ প্ৰান্তীয় গাওঁ বাৰেকুৰিৰ বিষয়ে  মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে, এই গাওঁখনত বাসিন্দাসকলে মৰাণ জনগোষ্ঠীয় লোক আৰু তেওঁলোক হলৌ বান্দৰৰ সৈতে মৰমৰ বান্ধোনেৰে সংপৃক্ত হৈ আছে। তেওঁ কয় যে, গাওঁবাসীয়ে যেতিয়া হলৌ বান্দৰে কল ভাল পাই বুলি জানিব পাৰিলে তেতিয়া তেওঁলোকে নিজৰ কৃষিভূমিত কল খেতি কৰিবলৈ ল'লে। প্রধানমন্ত্রীয়ে কয় যে, নিজৰ আত্মীয়ৰ জন্ম-মৃত্যু দিৱস পালন কৰাৰ দৰে গাঁওবাসীয়ে হলৌ বান্দৰৰ জন্ম আৰু মৃত্যুৰ দ...

July 28, 2024 6:29 PM

views 22

আন্তৰ্জাতিক গণিত অলিম্পিয়াদত ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুন্দৰ প্ৰদৰ্শনত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

আকাশবাণীৰ মন কী বাতৰ আজিৰ খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অলপতে হৈ যোৱা আন্তৰ্জাতিক গণিত অলিম্পিয়াদত ভাৰতীয় শিক্ষাৰ্থীসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে। এই অলিম্পিয়াদত ভাৰতীয় দলটোৱে ৪ টা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰি শীৰ্ষ ৫ টা দলৰ ভিতৰত স্থান লাভ কৰে। আন্তৰ্জাতিক গণিত অলিম্পিয়াদত এইবাৰ এশ খনৰো অধিক দেশৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্রীয়ে এই অলিম্পিয়াদত অংশগ্ৰহণেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকল ক্ৰমে পুণেৰ আদিত্য ভেংকত গণেশ আৰু সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গ...

June 30, 2024 5:17 PM

views 29

কুৱেইটৰ ৰাষ্ট্ৰীয় ৰেডিঅ’ত হিন্দী ভাষাত বিশেষ অনুষ্ঠান প্ৰচাৰৰ বাবে  কুৱেইটৰ চৰকাৰ আৰু জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

কুৱেইট চৰকাৰে ৰাষ্ট্ৰীয় ৰেডিঅ'ত হিন্দী ভাষাত বিশেষ অনুষ্ঠান আৰম্ভ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰতি দেওবাৰে কুৱেইট ৰেডিঅ'ত আধা ঘণ্টাৰ বাবে এই অনুষ্ঠান প্ৰচাৰ কৰা হয়। দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত ভাৰতীয় চলচ্চিত্ৰ আৰু কলা জগতৰ চৰ্চা অতিকে জনপ্রিয় বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে লগতে এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কুৱেইটৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ।

June 30, 2024 5:12 PM

views 28

মাতৃৰ সৈতে এটি গছপুলি ৰোপণ অথবা এটি পুলি মাৰ নামত উৎসৰ্গা কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

এইবেলি বিশ্ব পৰিবেশ দিৱস উপলক্ষে আৰম্ভ কৰা এক পেড় মা কে নাম নামৰ বিশেষ অভিযানৰ কথা উল্লেখ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰে জনসাধাৰণক মাতৃৰ সৈতে এটি গছপুলি ৰোপণ কৰিবলৈ অথবা এটি পুলি মাৰ নামত উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, এই অভিযানে প্রত্যককে মাতৃৰ প্ৰতি মৰম ভালপোৱা প্ৰকাশত সুযোগ প্ৰদান কৰিছে। এই অভিযানে আই ধৰিত্ৰীক সুৰক্ষিত কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে, ভাৰতত যোৱা দশকত বনভূমিৰ অভূতপূৰ্ব সম্প্ৰসাৰণ পৰিলক্ষিত হৈছে। তেওঁ কয়...