October 27, 2024 6:54 PM

views 24

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্তুষ্টি প্ৰকাশ

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ সন্তুষ্টি প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই অভিযান দেশৰ সমূহীয়া চেতনাৰ অংগ হৈ পৰিছে। তেওঁ কয় যে, আত্মনিৰ্ভৰ হৈ উঠাৰ পাছত ভাৰতে প্ৰতিটো ক্ষেত্ৰতে ভাল প্রদর্শন আগবঢ়াইছে। এসময়ত বিশ্বত প্ৰতিৰক্ষা আহিলা পাতিৰ সৰ্ববৃহৎ ক্ৰেতাৰূপে পৰিচিত ভাৰত সম্প্ৰতি ৮৫ খন দেশলৈ এনেধৰণৰ আহিলা পাতি ৰপ্তানি কৰিবলৈ লৈছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণি...

October 27, 2024 6:50 PM

views 24

ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ কথা প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

কাইলৈ বিশ্ব এনিমেচন দিৱস উদযাপনৰ বিষয়ে প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ পথত অগ্ৰসৰ হৈছে। লগতে জনসাধাৰণক এনিমেচন ক্ষেত্ৰত গোলকীয় শক্তিৰূপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতত গেমিং ক্ষেত্ৰৰ নিৰন্তৰ বিকাশ হৈছে আৰু ভাৰতীয় গেমসমূহ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিছে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। তেওঁ স্পাইডাৰ মেন আৰু ট্রান্সফৰমাৰ্ছৰ দৰে চলচ্চিত্ৰৰ ভাৰতৰ হৰিনাৰায়ণ ৰাজীৱৰ অৱদানৰ বিষয়ে চৰ্চা ...

October 27, 2024 6:47 PM

views 20

ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে। আইনৰ অধীনত কোনো লোকক ডিজিটেল এৰেষ্ট কৰাৰ কোনো ব্যৱস্থা নাই বুলি তেওঁ প্ৰকাশ কৰে। প্রধানমন্ত্ৰীয়ে অনুষ্ঠানত শ্ৰোতাসকলক এনে ঘটনাৰ ভুক্তভোগী আৰু এগৰাকী প্ৰৱঞ্চকৰ মাজত হোৱা কথোপকথন বজাই শুনায়। কথোপকথনত...

October 25, 2024 6:14 PM

views 28

অহা ২৭ অক্টোবৰত আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। আজি দিহা-পৰামৰ্শসমূহ আগবঢ়োৱাৰ অন্তিম দিন। আকাশবাণী – দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ ...

September 29, 2024 8:40 PM

views 23

মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালৰ কৃতজ্ঞতা জ্ঞাপন

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীচেহগালে প্রধানমন্ত্ৰী এই প্ৰশংসা প্ৰচাৰ ভাৰতী, দূৰদৰ্শন আৰু আকাশবাণীৰ সকলো সদস্যৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ যাত্ৰাত সহযাত্ৰী হ'বলৈ পাই তেওঁলোক গর্বিত বুলি শ্ৰীচেহগালে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীৰ এই বার্তাই সমগ্ৰ প্ৰচাৰ ভাৰতীৰ ...

September 29, 2024 6:53 PM

views 20

দেশত ২০ হাজাৰ ভাষা আৰু উপভাষা আছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

মাতৃভাষাত গুৰুত্বত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত কয় যে, দেশত ২০ হাজাৰ ভাষা আৰু উপভাষা আছে। তেওঁ বিভিন্ন ভাষা, বিশেষকৈ চাওতালী ভাষা সংৰক্ষণৰ বাবে লোৱা ব্যৱস্থাৰ উচ্চ প্ৰশংসা কৰে। এই অভিযানে চাওতালী ভাষাক এটা নতুন পৰিচয় দিব বুলি তেওঁ উল্লেখ কৰে।

September 29, 2024 6:51 PM

views 21

আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় ৩০০ প্রাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিকাশ ভি, বিৰাছট ভি মন্ত্ৰৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰকাশ কৰে যে, তেওঁ অলপতে কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় ৩০০ প্রাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। তেওঁ কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ ডেলাৱাৰেৰ ব্যক্তিগত বাসগৃহত এই সামগ্ৰীসমূহ তেওঁক দেখুৱাইছিল। ঘূৰাই আনিবলগীয়া সামগ্ৰীসমূহ তেৰাকটা, পাথৰ, হাতীদাঁত, কাঠ, তাম আৰু ব্ৰঞ্জেৰে নিৰ্মিত বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। এই ভাৰতীয় সামগ্ৰীসমূহৰ চোৰাং ...

September 29, 2024 6:48 PM

views 17

দেশৰ চুকে কোণে পানী সংৰক্ষণত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব

পানী সংৰক্ষণত গুৰুত্ব দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত কয় যে, বৰষুণৰ বতৰত সংগ্ৰহ কৰা পানীয়ে নাটনিৰ দিনত বহুতো সহায় কৰে। এই ক্ষেত্ৰত তেওঁ ঝানছিৰ বুন্দেল খণ্ড অঞ্চলৰ উদাহৰণ দি কয় যে, একাংশ মহিলাই বৰষুণৰ পানীক বিশেষভাৱে বোৱাই নি ঘুৰাৰি নদীক এটা নতুন জীৱন দিবলৈ সমৰ্থ হৈছে। পানী সংৰক্ষণৰ বাবে উল্লেখযোগ্য কাম কৰা মধ্যপ্ৰদেশৰ দিনদৰিৰ ৰায়পুৰা গাওঁ আৰু চাটাৰপুৰৰ মহিলাসকলক তেওঁ প্ৰশংসা কৰে। পানীৰ নাটনিৰ জোৰা মাৰিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশৰ চুকে কোণে পানী সংৰক্ষণ কৰাত ...

September 29, 2024 6:42 PM

views 25

বিৰল আৰু অতি প্ৰয়োজনীয় বনৌষধীৰে বাগিচা গঢ়ি তোলা তামিলনাডুৰ মাডুৰাইৰ শুভাশ্রীক প্রধানমন্ত্রীৰ প্ৰশংসা

আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ নামত এজুপি গছ অর্থাৎ‍ এক পেৰ মা কে নাম অভিযানত অংশ গ্রহণ কৰিবলৈ সকলোকে উৎসাহিত কৰে। তেওঁ কয় যে, এই অভিযানৰ সাফল্যই সমগ্ৰ সমাজখনক অভাৱনীয় ফলাফল দিব। এই ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰা উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাত শ্রীমোদীয়ে প্ৰশংসা কৰে। তেওঁ কয় যে, এই গছপুলি ৰোপণ কাৰ্যসূচীত সমগ্ৰ দেশৰ কেইবাহাজাৰ বিদ্যালয়ে সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছে। তেওঁ কয় যে, তেলেংগানাৰ কে এন ৰাজাশেখৰে অকলে ১৫০০ৰো অধিক গছপুলি ৰ...

September 29, 2024 6:34 PM

views 24

মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণখণ্ডৰ শক্তিকেন্দ্ৰত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণখণ্ডৰ শক্তিকেন্দ্ৰত পৰিণত হৈছে। তেওঁ কয় যে, দৰিদ্ৰ শ্ৰেণী, মধ্যবিত্ত আৰু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ মেক ইন ইণ্ডিয়াৰ জৰিয়তে বহু লাভান্বিত হৈছে আৰু ইয়াৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ লোকে নিজৰ নিজৰ প্ৰতিভা বিকশিত কৰাৰ বাবে সুযোগ লাভ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া অনুষ্ঠান মন কী বাতৰ ১১৪ সংখ্যক খণ্ডৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। নিজৰ বক্তব্যত তেওঁ মেক ইন ইণ্ডিয়াৰ সাফল্যত ...