May 25, 2025 11:32 AM

views 32

‘অপাৰেচন সিন্দুৰ’ কেৱল মাত্র এক সেনা অভিযানেই নাছিল, ই আছিল পৰিৱৰ্তিত ভাৰতৰ এক প্ৰতিচ্ছবিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে সম্প্ৰতি সমগ্ৰ দেশেই সন্ত্রাসবাদৰ বিৰুদ্ধে একগোট হৈ থিয় দিছে, আৰু  সকলোৰে অন্তৰ ক্ষোভ আৰু আক্রোশেৰে ভৰি পৰিছে।পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সকলো ভাৰতীয়ই সন্ত্রাসবাদক মষিমূৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে  ‘অপাৰেচন সিন্দুৰ'ৰ সময়ত আমাৰ সেনাই দেখুওৱা পৰাক্ৰমে প্ৰতিগৰাকী ভাৰতীয়ৰ শিৰ উচ্চ কৰি তুলিলে। যি নিখুঁটভাৱে, নির্ভুল সঠিকভাবে আমাৰ সেনাই সীমাৰ সিপাৰৰ সন্ত্ৰাসবাদী...

May 25, 2025 10:14 AM

views 29

আজি দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি দিনৰ ১১ বজাত দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কি বাত অনুষ্ঠানৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণীৰ ৱেবছাইট আৰু News on AIR ম'বাইল এপযোগেও শুনিব পৰা যাব। আকাশবাণী, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান পোনপটীয়া প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ ঠিক পাছতে আকাশবাণী গুৱা...

April 27, 2025 12:32 PM

views 28

মন কী বাত অনুষ্ঠানত ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে কস্তুৰীৰংগনৰ স্মৃতি সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ

দুদিন পূর্বে দেহাৱসান ঘটা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে কস্তুৰীৰংগনৰ স্মৃতি সুঁৱৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে কয়, যে দেশে এগৰাকী মহান বিজ্ঞানীক হেৰালে। বিজ্ঞান, শিক্ষা আৰু ভাৰতীয় মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত প্রয়াত কস্তুৰীৰংগনে উচ্চতাৰ শিখৰলৈ লৈ যোৱা বুলিও তেওঁ প্ৰকাশ কৰে। প্রধানমন্ত্রী শ্রীমোদীয়ে এই এপ্রিল মাহতে ভাবতে আর্যভট্ট উপগ্রহ উৎক্ষেপন কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আনন্দ প্রকাশ কৰে। ৫০ বছৰ পূৰ্বে প্রযুক্তি আৰু আধুনিক সমলৰ যথেষ্ট উৎস নথকা সত্তেও বিজ্ঞা...

February 23, 2025 6:43 PM

views 35

দেশৰ স্বাধীনতা আন্দোলন তথা সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো মাতৃ শক্তিৰ ভূমিকাৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ৮ মাৰ্চৰ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰসংগ উল্লেখ কৰি এই দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ দিন বুলি মন্তব্য কৰে। ভাৰতীয় সংস্কৃতিত কন্যা সন্তানক সন্মান জনোৱাটো অন্যতম পৰম্পৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশৰ স্বাধীনতা আন্দোলনত মাতৃ শক্তিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো বৰঙণি আগবঢ়াইছে। তেওঁ সংবিধান সভাত ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা সময়ৰ হাংসা মেহতাৰ এটা শ্ৰব্য বার্তাও প্ৰচাৰ কৰে। প্রধান...

February 23, 2025 6:39 PM

views 61

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি সদায় আগ্রহী। পেৰিচত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। কৃত্রিম বুদ্ধিমত্তা আৰু মহাকাশ ক্ষেত্ৰত যুৱ প্ৰজন...

February 23, 2025 12:26 PM

views 38

মেদবহুলতা সমস্যা ৰোধ কৰিবলৈ খাদ্যাভাসত পৰিৱৰ্তন আনিবলৈ জনসাধাৰণৰ প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে এক সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে। আজিৰ মন কী বাত অনুষ্ঠানত দেশবাসীক প্ৰশংসা কৰি কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি সদায় আগ্রহী। আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ৮ মাৰ্চ দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ ...

January 19, 2025 8:59 PM

views 36

ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই, বৰং এই সংস্কৃতি দেশৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ষ্টাৰ্ট আপ ইণ্ডিয়াৰ ৯ বছৰ সম্পূৰ্ণ হোৱা প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ ১১৮ সংখ্যক খণ্ডত কয়, যে দেশৰ ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই। বৰং এই সংস্কৃতি জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশক লৈ চিহ্নিত কৰা দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছে। আজি মন কী বাতত প্রধানমন্ত্রীয়ে মহাকাশ খণ্ডত দেশৰ শেহতীয়া সাফল্যৰ প্ৰশংসা কৰে । বাংগালুৰুত থকা ভাৰতীয় মহাকাশ প্রযুক্তি ষ্টাৰ্ট আপ পিকচেলৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে দেশৰ প্ৰথমটো ব্যক্ত...

January 19, 2025 7:13 PM

views 55

হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক মন কী বাতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু নামৰ সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যই আমাৰ চৌপাশৰ জন্তু আৰু চৰাইৰ সৈতে মৰম আৰু সহনশীলতাৰে বসবাস কৰিবলৈ শিকাইছে। তেওঁ হাতী আৰু মানুহৰ সংঘাতৰ কথা উল্লেখ কৰি সংগঠনটোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত অৱগত কৰে। গাঁওবাসীয়ে ৮০০ বিঘা অনুৰ্বৰ ভূমিত নেপিয়াৰ ঘাঁহ খেতি কৰি...

December 29, 2024 6:18 PM

views 22

শীতকালত দেশজুৰি চলি থকা ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা বিষয়ক বিভিন্ন কাৰ্যসূচীক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন দেশ ক্রমে ইজিপ্ত, পাৰাগুৱে আৰু ফিজিত ভাৰতীয় ভাষা সংস্কৃতিৰ প্ৰসাৰৰ বিষয়েও উল্লেখ কৰে। শীতকালত দেশজুৰি চলি থকা ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা বিষয়ক বিভিন্ন কাৰ্যসূচী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে দেশৰ বাষ্টাৰ অঞ্চলত নতুন অলিম্পিক সমাৰোহ আৰম্ভ হৈছে। এসময়ত মাওবাদীসকলৰ হিংসাৰে জৰ্জৰিত এই অঞ্চলটোত এই সমাৰোহৰ আয়োজনক দেশলৈ অহা পৰিৱৰ্তন আৰু যুৱ প্ৰজন্মৰ উদ্দীপনাৰ প্ৰতীক হিচাপে তেওঁ অভিহিত কৰে।

December 29, 2024 6:14 PM

views 34

দেশত ২০১৫ পৰা ২০২৩ চনৰ ভিতৰত মেলেৰিয়াত মৃত্যুৰ সংখ্যা ৮০ শতাংশ হ্ৰাস হোৱা বুলি মন কী বাতত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

চাহ বাগিছা অঞ্চলৰ জনসাধাৰণে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ ফলত যোৰহাটৰ চাহ বাগিছাসমূহত এসময়ত দুঃশ্চিন্তাৰ কাৰণ হৈ পৰা মেলেৰিয়া ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্রধানমন্ত্ৰীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এইকথা প্ৰকাশ কৰে। এই প্ৰসংগত শ্রীমোদীয়ে কয়, যে স্বাস্থ্য খণ্ডত ভাৰতে লাভ কৰা দুটা সাফল্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কয়, যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ২০১৫ ৰ পৰা ২০২৩ চনৰ ভিতৰত মেলেৰিয়াত হ...