September 28, 2025 8:36 PM

views 47

জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰ সমাগত উৎসৱৰ বতৰ উদযাপন কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড০ ভূপেন হাজৰিকাৰ গীতত বিশ্বব্যাপী ঐক্য প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২৬ সংখ্যক খণ্ডত আজি প্রধানমন্ত্রী মোদীয়ে সুধাকণ্ঠলৈ গভীৰ শ্রদ্ধা নিবেদন কৰে। শ্ৰী মোদীয়ে শেহতীয়াকৈ অসমত আয়োজিত যুগজয়ী মহান শিল্পীগৰাকীৰ জন্মশতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰে। তেওঁ ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গীতটো সিংহলী আৰু তামিল ভাষাত অনুবাদৰ কথা উল্লেখ কৰি কিদৰে ভূপেন ...

September 28, 2025 11:51 AM

views 46

ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত 'মানুহে মানুহৰ বাবে' শ্ৰীলংকাৰ শিল্পীসকলে সিংহলী আৰু তামিল ভাষালৈ অনুবাদ কৰিছে৷ এই কাম অতি প্রশংসনীয় প্রচেষ্টা কৰা বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।  কেইদিনমান পূর্বে, অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ এই অনুষ্ঠানটো সঁচাকৈয়ে অতি স্মৰ...

September 28, 2025 11:49 AM

views 76

জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন হৈ থকা সময়তে জুবিন গাৰ্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিল। অসমৰ সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গৰ স্মৃতি চিৰদিন আমাৰ মনত সজীৱ হৈ থাকিব আৰু তেওঁৰ সংগীতে আহিবলগীয়া প্ৰজন্মকো মন্ত্রমুগ্ধ কৰি থাকিব৷ জুবিন গ...

August 9, 2025 11:47 AM

views 22

আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ বৰ্তমানলৈকে ৩৪ কোটি টকাৰো অধিক ৰাজহ সৃষ্টি

আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানে ইয়াৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে ৩৪ কোটি টকাৰো অধিক ৰাজহ সৃষ্টি কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে কালি ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰতিমাহে প্ৰচাৰ হোৱা মন কি বাতৰ  খণ্ডসমূহৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে শিক্ষা, স্বাস্থ্য, পৰিৱেশ, উদ্ভাৱন আৰু সমাজ সেৱাৰ দৰে ক্ষেত্ৰসমূহত গুৰুত্বপূৰ্ণ সেৱা আগবঢে়াৱা নাগৰিকসকলৰ অনুপ্ৰেৰণামূলক কাহিনীসমূহৰ বিষয়ে প্ৰকাশ কৰে। আকাশবাণীৰ ৰাষ্ট্...

July 27, 2025 10:23 AM

views 33

আজি দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানৰ ১২৪ সংখ্যক খণ্ড

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কি বাত অনুষ্ঠানৰ ১২৪ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ৱেবছাইট আৰু News on AIR ম'বাইল এপযোগেও শুনিব পৰা যাব। আকাশবাণীৰ বাতৰি সেৱা বিভাগ, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান পোনপটীয়া প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ...

June 29, 2025 7:53 PM

views 39

মাৰ নামত এজোপা গছ অভিযানৰ অধীনত দেশত কোটি কোটি গছপুলি ৰোপণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

জুন মাহত পালন কৰা বিশ্ব পৰিৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে পুনেৰ ৰমেশ খৰমালে আৰু তেওঁৰ পৰিয়ালে মাত্র দুমাহতে জুন্নাৰ পাহাৰত ৭০টা খাদ খান্দি পানী সংৰক্ষণ কৰি বীজ সিঁচিছিল। তেওঁ কয় যে শ্ৰী খৰমালে শ শ গছ ৰোপণ কৰি অক্সিজেন উদ্যান নিৰ্মাণ কৰিছে। ইয়ালৈ চৰাইবোৰ আহিবলৈ আৰম্ভ কৰিছে আৰু বন্যপ্ৰাণীবোৰে নৱ জীৱন লাভ কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে আহমেদাবাদ পৌৰ নিগমৰ "দহ লাখ গছ ৰোপণ" অভিযানৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াত লাখ লাখ গছ ৰোপণৰ লক্ষ্য লোৱা হৈছে। এই ...

June 29, 2025 7:04 PM

views 23

অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে এই অঞ্চলটো সম্প্রতি নতুন পৰিচয়েৰে উদ্ভাসিত হৈ পৰিছে। এই অঞ্চলটোৰ যুৱচামে ফুটবলৰ পথাৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বুলি মত প্রকাশ কৰি প্ৰসংগক্ৰমে তেওঁ হলীচৰণ নাৰ্জাৰী, দুর্গা বড়ো, অপূর্ণা নাৰ্জাৰী, মনবীৰ বসুমতাৰীকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ফুটবল খেলুৱৈৰ নামো উল্লেখ কৰে। বিটিআৰ এলেকাত আয়োজন কৰা বড়োলেও চি ই এম কাপ প্রতিযোগিতাক ঐক্য আৰু আশাৰ উদযাপন বুলি অভিহিত কৰি তেওঁ কয় যে এই প...

June 29, 2025 7:01 PM

views 23

স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পর্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্রতি পৰিপূৰ্ণতা লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পর্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্রতি পৰিপূৰ্ণতা লাভ কৰিছে আৰু এয়া সামাজিক সুৰক্ষাৰ অন্যতম দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি এইদৰে মত ব্যক্ত কৰে। আন্তৰাষ্ট্ৰীয় শ্রম সংগঠন আই এল অ'ৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে তেওঁ ভাৰতত সামাজিক সুৰক্ষা আঁচনিৰ সফল ৰূপায়ণৰ বিষয়ে ব্যাখ্যা কৰে। দেশৰ ৬৪ শতাংশতকৈও অধিক লোক সম্প্রতি সামাজিক সুৰক্ষা আঁচনিৰ জৰিয়তে উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ২০১৫ চনলৈকে ২৫ ...

May 25, 2025 8:38 PM

views 27

মহাৰাষ্ট্ৰৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাত জনসাধাৰণৰ উৎসাহক প্ৰধানমন্ত্ৰী মোদীৰ সন্তোষ প্ৰকাশ

মহাৰাষ্ট্ৰৰ গাড্‌চিৰোলী জিলাৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাৰ বিষয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি ইয়াকে লৈ উৎফুল্লিত অঞ্চলটোৰ জনসাধাৰণে ঢোল-নাগাৰা বজাই বাছখনক আদৰণি জনোৱা কাৰ্যক উৎসাহজনক বুলি অভিহিত কৰে আৰু অঞ্চলটোলৈ দ্ৰুত গতিত স্বাভাৱিক অৱস্থা উভতি অহাক লৈ সন্তোষ ব্যক্ত কৰে। অহা ২১ জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানে জনসাধাৰণক তেওঁলোকৰ দৈনন্দিন জীৱনযাত্ৰাৰ সৈ...

May 25, 2025 7:35 PM

views 35

ৰাজ্যৰ বিভিন্ন ঠাইত প্রধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছত বিজেপি দলীয় নেতা-কৰ্মীসকলৰ তিৰংগা যাত্ৰা

প্রধানমন্ত্ৰীৰ মন কী বাত উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত বুথ স্থাপন কৰি জনসাধাৰণৰ বাবে অনুষ্ঠানটো শুনাৰ ব্যৱস্থা কৰা হয়। গুৱাহাটী মহানগৰীৰ বুথসমূহতো বহু লোকে একেলগে অনুষ্ঠান শুনে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ বিমানকোঠ মণ্ডলৰ ১৩৯ নম্বৰ বুথত দলীয় নেতৃবৃন্দৰ সৈতে অনুষ্ঠানত ভাগ লয়। কেন্দ্রীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ সৈতে মহানগৰীৰ শুক্লেশ্বৰ মণ্ডলৰ অন্তৰ্গত ২৯ নম্বৰ ৱাৰ্ডৰ ১৮৩ নম্বৰ বুথত অনুষ্ঠান শুনে। মন কী বাত অনুষ্ঠানৰ পাছতে পাকিস্তান...