July 27, 2025 8:10 PM July 27, 2025 8:10 PM
25
আন্তঃৰাষ্ট্ৰীয় ৰসায়ন তথা গণিত অলিম্পিয়াদত পদক অৰ্জন শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত প্ৰশংসা
আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত নিজৰ মনৰ ভাব ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহত ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৰসায়ন অলিম্পিয়াদত পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক প্ৰশংসা কৰে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াদতো ভাৰতীয় শিক্ষার্থীসকলে ৩ টা সোণ, ২ টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে বুলি উল্লেখ কৰি তেওঁ কয়, যে গণিত বিশ্বত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। অহা মাহত মুম্বাইত আযোজিত জ্যোতির্বিজ্ঞান আৰু জ্যোতিপদার্থ বিজ...