July 27, 2025 8:10 PM

views 35

আন্তঃৰাষ্ট্ৰীয় ৰসায়ন তথা গণিত অলিম্পিয়াদত পদক অৰ্জন শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত প্ৰশংসা

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত নিজৰ মনৰ ভাব ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহত ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৰসায়ন অলিম্পিয়াদত পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক প্ৰশংসা কৰে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াদতো ভাৰতীয় শিক্ষার্থীসকলে ৩ টা সোণ, ২ টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে বুলি উল্লেখ কৰি তেওঁ কয়, যে গণিত বিশ্বত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। অহা মাহত মুম্বাইত আযোজিত জ্যোতির্বিজ্ঞান আৰু জ্যোতিপদার্থ বিজ...

July 27, 2025 8:50 PM

views 26

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলীয় কৰ্মকৰ্তা তথা মন্ত্ৰী-বিধায়কৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ শ্ৰৱণ কাৰ্যসূচী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিজেপিৰ বুথসমূহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শুনাৰ ব্যৱস্থা কৰা হয়। মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে ডিব্ৰুগড়ৰ ১৫৮ নম্বৰ বুথত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মন কী বাত শ্ৰৱণ কৰে। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ধেমাজিৰ নিমাতীচুক হৰিমন্দিৰ প্ৰাংগণত জনসাধাৰণৰ সৈতে মন কী বাতৰ আজিৰ খণ্ডটো শুনি আপ্লুত হোৱা বুলি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কাজিৰঙাত তৃণভূমি চৰাইৰ জৰীপত ৪৩টা প্ৰজাতিৰ বিশেষ পক্ষীৰ তথ্য লাভ কৰাৰ বিষয়টো প্ৰকাশ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰি ...

July 27, 2025 7:00 PM

views 40

একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে বুলি প্রধানমন্ত্ৰী মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত কয়, যে একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে। বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশৰ পৰা সুকলমে প্ৰত্যাৱৰ্তন কৰাত সমগ্ৰ দেশ গৌৰৱান্বিত হোৱা বুলি তেওঁ উল্লেখ কৰে। ২০২৩ চনৰ আগষ্টত চন্দ্ৰযান-৩ৰ সফল অৱতৰণে দেশত এটা নতুন পৰিবেশ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে শিশুসকল বিজ্ঞান আৰু মহাকাশৰ প্ৰতি কৌতুহলী হৈ উঠাৰ লগতে তেওঁলোকে মহাকাশ বিজ্ঞানী হোৱাৰো লক্ষ্য লৈছে। প্রধানমন্ত্ৰীয়ে শিশুসক...

July 27, 2025 6:54 PM

views 36

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত ৪৩টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত ৪৩টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা গৈছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই সমীক্ষাত কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে শব্দ বাণীবদ্ধ কৰা কিছু আহিলা স্থাপন কৰাৰ পাছত তাত বাণীবদ্ধ হোৱা শব্দসমূহ বিশ্লেষণ কৰা হয়। এই পদক্ষেপৰ সৈতে জড়িত সমগ্ৰ দলটোক প্ৰশংসা কৰি শ্ৰীমোদীয়ে দেশৰ জৈৱ বিচিত্ৰতাৰ আন্তৰ্জাতিক স্বীকৃতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপসমূহৰ সংবর্ধন হোৱা উ...

July 27, 2025 12:07 PM

views 141

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে শব্দ ৰেকৰ্ডিং যন্ত্ৰৰে গ্ৰাছলেণ্ড চৰাইৰ লোকপিয়লৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

আকাশবাণীৰ দ্বাৰা প্ৰচাৰিত মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে গ্ৰাছলেণ্ড চৰাইৰ লোকপিয়লৰ কথা উল্লেখ কৰে। ৪০ টাতকৈও অধিক প্ৰজাতিৰ চৰাই চিনাক্ত কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত বহুতো বিৰল চৰাইও আছে। শব্দ ৰেকৰ্ডিং যন্ত্ৰ স্থাপন কৰি লোকপিয়ল চলোৱা দলটোৱে AI ব্যৱহাৰ কৰি শব্দবোৰ কম্পিউটাৰত বিশ্লেষণ কৰা হৈছিল। কেৱল শব্দৰ দ্বাৰাই চৰাইবোৰক চিনাক্ত কৰা হৈছিল।