April 27, 2025 8:09 PM

views 32

মহাকাশ ষ্টাৰ্ট আপৰ যোগেৰে নতুন নতুন গৱেষণা আৰু অভিযানৰ বাবে যুৱ প্ৰজন্মৰ ভালেসংখ্যকে আগবাঢ়ি আহিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২১ সংখ্যক খণ্ডত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহতে ভাৰতে আর্যভট্ট উপগ্রহ উৎক্ষেপন কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আনন্দ প্রকাশ কৰে। ভাৰতে ১০৪ টা উপগ্রহ উৎক্ষেপন কৰাটো তেওঁ গৌৰৱৰ বিষয়ে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ। ভাৰতে মহাকাশ খণ্ডক ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিছে বুলি উল্লেখ কৰে। এই সন্দৰ্ভত মহাকাশ ষ্টাৰ্ট আপৰ যোগেৰে নতুন নতুন গৱেষণা আৰু অভিযানৰ ব...

April 27, 2025 12:37 PM

views 33

পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৃঢ়তা প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি দৃঢ়তাৰে কয়। আজি দিনৰ এঘাৰ বজাত প্ৰচাৰ হোৱা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীয়ে চলিত মাহৰ ২২ তাৰিখে জম্মু-কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্রমণ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি এইদৰে কয়। তেওঁ কয়, যে এই আক্ৰমণৰ দ্বাৰা আক্রমণকাৰীসকলে কাপুৰুষালীৰ পৰিচয় দিছে। তেওঁ কয়, যে কাশ্মীৰ উপত্যকাত শান্তি ঘুৰি অহা, দেশত গণতন্ত্র শক্তিশালী হোৱা আৰু কাশ্মীৰৰ ভূমিত পর্যটক...